August 12, 2024 6:01 PM August 12, 2024 6:01 PM
11
বিহাৰৰ সিদ্ধেশ্বৰ নাথ মন্দিৰত সংঘটিত এটা দুৰ্ঘটনাত ৭ জন তীর্থযাত্ৰীৰ মৃত্যুৰ লগতে ১৬ জন আহত
বিহাৰৰ জেহানাবাদ জিলাৰ বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰত আজি পুৱা সংঘটিত এটা দুৰ্ঘটনাত পদপিষ্ট হৈ ৭ জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৬ জন তীর্থযাত্রী আহত হৈছে। জেহানাবাদৰ আৰক্ষী অধীক্ষক অৰবিন্দ প্ৰসাদ সিঙে কয় যে নিশা প্রায় ১ বজাত স্থানীয় কিছুসংখ্যক বিক্ৰেতা আৰু তীর্থযাত্ৰীৰ মাজত কোনো প্ৰসংগ লৈ সংঘটিত বিবাদৰ ফলতেই দুর্ঘটনাটো সংঘটিত হয়। তেওঁ কয় যে মন্দিৰটো অতি ঠেক স্থানত থকা বাবেই ভিৰ নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে। পৱিত্ৰ শাওণ মাহৰ সোমবাৰে মখডামপুৰৰ বনোৱাৰ পাহাৰত অৱস্থিত ভগৱান শিৱৰ মূৰ্তিত জলাভিষেক ...