June 23, 2025 11:53 AM
38
বিশিষ্ট ক্রীড়া সংগঠক বিচিত্ৰ কুমাৰ মেধিৰ দেহাৱসান
মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট ক্রীড়া সংগঠক বিচিত্ৰ কুমাৰ মেধিৰ আজি পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ মঙলদৈৰ কৰিম চ’ক নিজ বাসভৱনত দেহাৱসান ঘটে। প্রাক্তন ফুটবল ৰেফাৰী, নর্থ মঙলদৈ ক্লাবৰ প্ৰাক্তন সভাপতি, মঙলদৈ ক্রীড়া সন্থাৰ প্ৰাক্তন উপ-সভাপতি মেধিৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। বিভিন্ন কাকত-আলোচনী, স্মৃতিগ্ৰন্থৰ সম্পাদক, মঙলদৈৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান গঢ়োতা বিচিত্র কুমাৰ মেধিৰ মৃত্যুত সমগ্ৰ দৰং জিলাত শোকৰ ছাঁ পৰিছে। তেওঁৰ শেষকৃত্য আজি আগবেলা মঙলদৈ শ্মশানত সম্পন্ন কৰা হ'ব।