July 27, 2024 12:11 PM

views 17

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নির্বাচনৰ বাবে বিজেপি-কংগ্ৰেছৰ ব্যাপক তৎপৰতা

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নির্বাচনৰ বাবে ৰাজ্যত শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ ব্যাপক তৎপৰতা আৰম্ভ । বিজেপিয়ে ৫ জন মন্ত্ৰীক ৫টা সমষ্টিৰ বাবে বিশেষ দায়িত্ব অর্পণ কৰিছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কালি এখন সংবাদ মেলত কয় যে, বিহালীত পীযূষ হাজৰিকাই, চামগুৰিত বিমল বৰাই, ছিদলীত অশোক সিংঘলে, ধলাইত জয়ন্তমল্ল বৰুৱাই আৰু বঙাইগাঁৱত ৰঞ্জিত কুমাৰ দাসে নির্বাচনী প্ৰস্তুতিৰ পৰা প্ৰচাৰলৈ সকলোখিনি তদাৰক কৰিব। তেওঁ জনোৱা মতে, উপ-নিৰ্বাচনত ছিদলি সমষ্টিত ইউ পি ...