April 20, 2025 10:25 AM April 20, 2025 10:25 AM
1
যোগীঘোপাত নির্মীয়মান আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টি ম’ডেল ল’জিষ্টিক পার্ক ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ পৰিদর্শন
ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকে কালি অসম ভ্ৰমণ কৰি ভাৰতমালা প্রকল্পৰ অধীনত যোগীঘোপাত নির্মীয়মান আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টি ম’ডেল ল’জিষ্টিক পার্ক পৰিদর্শন কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভূটানৰ ৰজাগৰাকীক আদৰণি জনায়। ভাৰতমালা প্রকল্পৰ অধীনত নির্মীয়মান পার্কখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। পথ, ৰে'লপথ, বিমান আৰু জলপথৰ সুবিধাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে পার্কখন নিৰ্মাণ কৰি আছে। ব্ৰহ্মপুত্ৰ উপকূলত ৩১৭ একৰ ভূমি সামৰা এই...