September 5, 2025 11:28 AM

views 17

বিহাৰৰ বুদ্ধ গয়াত থকা পৱিত্ৰ মহাবোধি মন্দিৰ দৰ্শন ভূটানৰ প্ৰধানমন্ত্ৰীৰ

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই কালি সপত্নীক বিহাৰৰ বুদ্ধ গয়াত থকা পৱিত্ৰ মহাবোধি মন্দিৰ দৰ্শন কৰে। শ্রীট'বগেই ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতিপ্ৰাপ্ত মন্দিৰটোত প্ৰাৰ্থনা কৰে। ধৰ্মীয় বিশ্বাস মতে ভগৱান বুদ্ধই এই স্থানতেই জ্ঞান লাভ কৰিছিল। প্রধানমন্ত্ৰী শ্বেৰিঙৰ ভ্ৰমণে ভাৰত আৰু ভূটানৰ মাজত থকা সাংস্কৃতিক বিনিময়, মৈত্ৰী আৰু পাৰস্পৰিক সন্মানৰ স্বাশ্বত বান্ধোনক প্ৰতিফলিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, চাৰিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ অহা অভ্যাগত প্ৰধানমন্ত্ৰীগৰাক...