February 26, 2025 7:35 PM
26
ভূটানৰ কৃষি মন্ত্ৰী য়ুনটেন ফুণ্টছ’ৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ
ভূটানৰ কৃষি মন্ত্ৰী য়ুনটেন ফুণ্টছ'ৰ নেতৃত্বত দেশখনৰ ১১গৰাকী সদস্যৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ৰাজভৱনত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে ভূটানৰ সৈতে অসমৰ সৌহার্দ্যপূর্ণ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি কয় যে কেইবা শতিকাজুৰি অসম আৰু ভুটানে সাংস্কৃতি, ঐতিহাসিক আৰু অৰ্থনৈতিক বিনিময়ৰ মাধ্যমেৰে এই সম্পৰ্ক বৰ্তাই ৰাখি আহিছে। ভাৰত আৰু ভূটানে পৰস্পৰৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰতি গভীৰভাৱে শ্ৰদ্ধা প্ৰদৰ্শন কৰি আহিছে বুলিও শ্রীআচাৰ্যই উল্লেখ কৰে। এই প্রসঙ্গতে তেওঁ...