November 4, 2024 6:53 PM

views 23

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ সমাধিস্থলীত ভিন্ন অনুষ্ঠানৰ আয়োজন

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কাইলৈ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলীত পুৱা ৯.৩০ বজাৰ পৰা স্মৃতিচাৰণ সভা তথা সর্বধর্ম প্রার্থনা অনুষ্ঠান আৰু ১১.৩০ বজাৰপৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। একেদৰে ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে মহানগৰীৰ চচলত সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে।

November 2, 2024 7:21 PM

views 5

ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি কাইলৈ ‘লুইতৰ পৰা মিছিচিপিলৈ’ শীৰ্ষক অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি কাইলৈ দিনৰ পুৱা ১০ বজাত লুইতৰ পৰা মিছিচিপিলৈ শীৰ্ষক অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এই প্রতিযোগিতা আয়োজন কৰিছে। ইপিনে, একেদিনাই বিয়লি ২ বজাৰ পৰা বীৰেন্দ্ৰ নাথ দত্ত বিষয়ক সাতোখন সুৰীয়া নৈ শীর্ষক মুকলি কুইজ প্রতিযোগিতাও অনুষ্ঠিত হ'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত ইনলি ফাউণ্ডেচনে এই প্রতিযোগিতাখন আয়োজন কৰিছে। ৩ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্...

November 1, 2024 6:32 PM

views 17

ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি ৩ নৱেম্বৰত অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতা

ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি ৩ নৱেম্বৰৰ দিনা পুৱা ১০ বজাত লুইতৰ পৰা মিছিচিপিলৈ শীর্ষক অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এই প্রতিযোগিতা আয়োজন কৰিছে। ইপিনে, একেদিনাই বিয়লি ২ বজাৰ পৰা বীৰেন্দ্ৰ নাথ দত্ত বিষয়ক সাতোখন সুৰীয়া নৈ শীৰ্ষক মুকলি কুইজ প্রতিযোগিতাও অনুষ্ঠিত হ'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত ইনলি ফাউণ্ডেচনে এই প্রতিযোগিতাখন আয়োজন কৰিছে। ৩ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ ...

September 8, 2024 9:03 PM

views 24

অসমৰ বিভিন্ন প্ৰান্তত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জয়ন্তী পালন

বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ আজি ৯৯ সংখ্যক জন্মদিন। মানৱতাৰ জয়গান গোৱা তেজস্বী কণ্ঠৰ অধিকাৰী শিল্পীগৰাকীৰ সংগীতে অসমৰ লগতে দেশে-বিদেশৰ অগণন জনতাক আজিও মুগ্ধ কৰি ৰাখিছে। কিংবদন্তী শিল্পীগৰাকীয়ে গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে অসমীয়াৰ উপৰি বঙালী, হিন্দী, ইংৰাজী আৰু অন্য ভাৰতীয় ভাষাৰ গীততো কণ্ঠদান কৰিছিল। ড° হাজৰিকাই সমকালীন সমাজৰ সংস্কৃতি, জীৱন প্ৰৱাহ, ৰাজনীতি, দুৰ্নীতি, মানৱ জীৱনৰ প্ৰেম-ভালপোৱা, অনুৰাগকে ধৰি প্ৰতিটো আৱেগক অনন্য ৰূপত মূৰ্ত কৰি তুলিছিল। শিল্পীগ...

September 8, 2024 11:55 AM

views 35

চিৰাং জিলাৰ বিজনীত ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন

চিৰাং জিলাতো ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি বিজনীস্থিত জিৰণি গৃহ প্ৰাংগণত এই দিৱস পালন কৰা হ'ব । ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ তৰুণ দেৱৰায়ে বন্তি প্ৰজ্বলন কৰাৰ পাছত অনাতাঁৰ শিল্পী অশোক ব্ৰহ্মই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব। ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিয়ে এই দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ, সমবেত সংগীত, আই সকলৰ নাম, সম্বৰ্ধনা অনুষ্ঠান, ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আৰু স্মৃতিচাৰণ সভাৰো আয়োজন কৰিছে। স্মৃতিচাৰণ সভাত ...

September 8, 2024 12:22 PM

views 22

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন কৰা হয়। এই উপলক্ষে জালুকবাৰী সমাধিস্থলিত পুৱা স্মৃতি তৰ্পণ আৰু বিয়লি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আনহাতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সমন্বয় দিৱস পালন কৰা হয়। সদৌ অসম ছাত্র সন্থায়েও শিল্পীগৰাকীৰ জন্মদি...

September 7, 2024 7:40 PM

views 30

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কাইলৈ শংকৰদেৱ কলাক্ষেত্ৰত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন কৰা হ’ব

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত কাইলৈ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন কৰা হ'ব। এই উপলক্ষে জালুকবাৰী সমাধিস্থলিত পুৱা স্মৃতি তৰ্পণ আৰু বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আনহাতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সমন্বয় দিৱস পালন কৰা হ'ব। সদৌ অসম ছাত্র সন্থায়েও শিল্পীগৰাকীৰ জন্ম...

August 27, 2024 7:47 PM

views 32

অহা ৮ আৰু ৯ ছেপ্তেম্বৰত ভূপেন হাজৰিকা ৯৮ সংখ্যক জন্মদিনটো সমন্বয় দিৱস উদযাপন

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত বৰেণ্য শিল্পীগৰাকীৰ ৯৮ সংখ্যক জন্মদিনটোত অহা ৮ আৰু ৯ ছেপ্তেম্বৰত সমন্বয় দিৱস হিচাপে উদযাপন কৰিব। আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলত ন্যাসে এই বিষয়ে প্ৰকাশ কৰে। দিৱসৰ সৈতে সংগতি ৰাখি ১ ছেপ্তেম্বৰত কলাক্ষেত্ৰৰ ডº বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আনহাতে ন্যাসে প্ৰতি বছৰে দিৱসৰ কাৰ্যসূচীত প্ৰদান কৰা ভূপেন হাজৰিকা সমন্বয় বঁটা বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ডº লক্ষ্যহীৰা দাসক আৰু ভূপ...