October 30, 2025 8:15 PM
23
উত্তৰ লখিমপুৰৰ খেলমাটিত ড° ভূপেন হাজৰিকাৰ এটা ১৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি উত্তৰ লখিমপুৰৰ খেলমাটিত ৪০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা ড° ভূপেন হাজৰিকাৰ এটা ১৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ লগতে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱমন্দিৰৰ পৰা নৰ্থ লখিমপুৰ কলেজ চাৰিআলিলৈ ২ কোটি ৮৭ লাখ টকাৰে নিৰ্মাণ কৰা পথছোৱা উদ্বোধন কৰে। কাইলৈ তেওঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাতে ২৮৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২০৫ খন বিছনাযুক্ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স...