November 17, 2025 6:08 PM

views 12

ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপত ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ’বঃ মুখ্যমন্ত্ৰী

ড° ভূপেন হাজৰিকাৰ বছৰযোৰাকৈ জন্ম শতবৰ্ষ অনুষ্ঠান উদযাপন হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপতে ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি কিংবদন্তি সাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁ জন্মস্থানৰ সমীপতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হ'ব বুলি জনাইছে।

November 17, 2025 6:04 PM

views 20

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাচক্ৰখন ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ড০ ভূপেন হাজৰিকাৰ আত্মীয়তাৰ কথা ব্যক্ত কৰে। প্ৰথম দিনা অনুষ্ঠিত দুখনকৈ অনুষ্ঠিত আলোচনা সত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ শিক্ষ...

November 6, 2025 10:56 AM

views 39

মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

■ বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবার্ষিকীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্রকাশ কৰে। অনুষ্ঠানত মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীর্ষক চিৰ সেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন...

November 4, 2025 6:43 PM

views 143

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্রশাসনে কাইলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সর্বধর্ম প্রার্থনা, ভূপেন্দ্র সংগীত, নৃত্যানুষ্ঠানৰ আয়োজন কৰা হ'ব। লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কার্যসূচী অনুষ্ঠিত হ'ব...

November 4, 2025 10:48 AM

views 60

ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন

● ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাত আৰু লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কামৰূপ জিলাৰ জিলা সংহত কাৰ্যালয়ৰ সন্মুখত কাইল...

November 3, 2025 6:53 PM

views 38

ৰাজ্যৰ ভিন্ন প্ৰান্তত ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে অনুষ্ঠানৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পৰহিলৈ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাত আৰু লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইতো পৰহিলৈ ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাত সুধাকণ্ঠৰ ...

September 13, 2025 11:45 AM

views 19

আকাশবাণী গুৱাহাটী কেন্দ্ৰই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ভাগ ল'বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। বিয়লি ৫ বাজি ১০ মিনিটৰ পৰা আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এই অনুষ্ঠান প্ৰচাৰিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া ৫ বাজি ১৫ মিনিটৰ বিয়লিৰ আঞ্চলিক বাতৰি আৰু সন্ধিয়া ৬ বজাৰ সন্ধিয়াৰ উজনি অসমৰ বাতৰি প্ৰচাৰিত নহয়।

September 9, 2025 1:05 PM

views 14

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান

● সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাই আদৰণি ভাষণেৰে আৰম্ভ কৰা এই অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যেতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখটাৰ আহমেদ প্রমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ...

September 8, 2025 10:39 PM

views 16

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে অসমৰ প্ৰান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি অসমৰ প্ৰান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্বল নিদৰ্শন ৰাখি যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি অসমবাসীয়ে ৰাজ্যৰ অঞ্চলে অঞ্চলে শ্রদ্ধা জ্ঞাপন কৰিছে। তদুপৰি দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশতো শিল্পীগৰাকীৰ সোঁৱৰণত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ...

September 8, 2025 11:08 PM

views 83

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ প্রান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচী

গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা, প্ৰীতি দিগবলয়ত গতিশীল গীত গাই সমাজত নতুন সাহৰ সঞ্চাৰ কৰা বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ প্রান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্বল নিদৰ্শন ৰাখি যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি কৃতজ্ঞ অসমবাসীয়ে ৰাজ্যৰ অঞ্চলে অঞ্চলে শ্রদ্ধা জ্ঞাপন কৰিছে। তদুপৰি দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশতো শিল্পীগৰাকীৰ সোঁৱৰণত অনুষ্ঠানৰ আয়োজন...