May 29, 2025 1:02 PM May 29, 2025 1:02 PM

views 3

দুদিনীয়া কাৰ্যসূচীৰে ভূপতি ৰাজু শ্ৰীনিবাস বার্মা আজি দক্ষিণ শালমাৰা মানকাচাৰ জিলালৈ আহিব

কেন্দ্ৰীয় তীখা আৰু গুৰু উদ্যোগ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বার্মাই আজি দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ শালমাৰা মানকাচাৰ জিলালৈ আহিব। মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰববীৰ সৈতে হাটশিঙিমাৰীত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পাছত জিলাখনত ৰূপায়ণ হৈ থকা জলজীৱন মিছনৰ তিনিখন আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তও পৰিদৰ্শন কৰাৰ কথা। কাইলৈ তেওঁ প্ৰধানমন্ত্রী আবাস যোজনাৰ গৃহ, অমৃত সৰোবৰকে বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰিব ।