December 23, 2025 12:37 PM

views 12

ভূপালৰ অনুষ্ঠিত ৬৮সংখ্যক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ভাৰতীয় নৌসেনা বাহিনীৰ অংকুশ যাদৱৰ সোণৰ পদক

ভূপালৰ এম পি ৰাজ্যিক শ্বুটিং একাডেমীত চলি থকা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ভাৰতীয় নৌসেনা বাহিনীৰ অংকুশ যাদৱে সোণৰ পদক অৰ্জন কৰিছে। যাদৱে সুন্দৰ প্ৰদৰ্শেনেৰে অলিম্পিয়ান অর্জুন বাবুটাক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। আনহাতে ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষৰ জুনিয়ৰত ফাইনেলত গুজৰাটৰ মহম্মদ মুটাতাজা ভেনিয়াই সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে পশ্চিমবংগৰ অভিনৱ শ্ব’ই ৰূপ আৰু কৰ্ণাটকৰ ওংকাৰ বিকাশ ৱাঘমাৰেই ব্ৰঞ্জৰ পদক দখল কৰে।