October 29, 2024 12:08 PM
30
গুজৰাটৰ ভূজ-নালীয়া সংযোগী ব্ৰডগজ ৰে’লপথ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ আমৰেলীৰ পৰা ভূজ-নালীয়া সংযোগী ব্ৰডগজ ৰে’লপথছোৱা দেশৰ নামত উৎসৰ্গা কৰে। প্ৰায় এক হাজাৰ ১০০ কোটি টকা ব্যয় সাপেক্ষে ১০১ দশমিক ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল পথছোৱা নিৰ্মাণ কৰি উলিওৱা হৈছে। এই ৰে’ল পথছোৱাত ২৪খন ডাঙৰ দলং, ২৫৪খন সৰু দলং আৰু ৩খন উৰণ সেতু আছে। নতুন ৰে’ল পথছোৱাই ভূজ, দেশলপুৰ, সানোছাৰা, মোথালা, কোথাৰা আৰু নলিয়া ষ্টেচনকে ধৰি মুঠ এঘাৰটা ষ্টেচন সংযোগ কৰিছে। এই প্ৰকল্পই গুজৰাটৰ কটছ জিলাৰ আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন ...