January 11, 2025 1:30 PM

views 19

উৰুকাৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰাৰ আহ্বান সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম কলেজ শিক্ষক সংস্থাৰ

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্রস্তুতি পৰিলক্ষিত হৈছে। ভোগালী বিহুৰ উৰুকাৰ দিনটো  চৰকাৰী বন্ধৰ তালিকাত সীমিত বন্ধৰ দিন হিচাপে আছে। যাৰ পৰিপ্ৰেক্ষিতত কার্যালয় বা বিদ্যালয়সমূহ খোলা থাকিব। সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম কলেজ শিক্ষক সংস্থাই সকলোৰে সুবিধা হোৱাকৈ উৰুকাৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ বাবে আহ্বান জনাইছে।