January 9, 2026 8:06 PM January 9, 2026 8:06 PM

views 4

অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি

ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্রামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্রস্তুতৰ আয়োজন কৰিছে। ডিব্ৰুগড় জিলাৰ ৰহমুৰীয়া অঞ্চলৰ বৰতিচুক গাঁৱত পূৰ্বৰ পৰম্পৰা অনুসৰি মাঘ বিহু উদযাপনৰ আয়োজন কৰা হৈছে। জিলাখনৰ নাহৰকটিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি গাওঁ পঞ্চায়তৰ আত্মসহায়ক গোটসমূহৰ সহযোগত আজিৰে পৰা ৩ দিনীয়া কা...