January 13, 2025 4:33 PM

views 33

আজি ভোগালী বিহুৰ উৰুকা

অসমত আজি ভোগালী বিহুৰ উৰুকাৰে দুদিনীয়া মাঘবিহু উদযাপন আৰম্ভ হৈছে। মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি চলিছে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্রিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্তুত হৈছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল, জলাশয়সমূহত আজি পুৱাৰ ভাগত ওচৰৰ গাঁওবাসীক ২ ঘণ্টাৰ বাবে মাছ ধৰিবলৈ উদ্যান কর্তৃ...

January 12, 2025 7:18 PM

views 20

কাইলৈ ভোগালী বিহুৰ উৰুকা

কাইলৈ ভোগালী বিহুৰ উৰুকা। ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে গুৱাহাটীতো ভোগালীৰ সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে। প্ৰতিবাৰৰ দৰে এইবেলিও বৃহত্তৰ উজানবজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যবসায়ী সন্থাই কাইলৈ উৰুকা উপলক্ষে উজান বজাৰত ৭০ টন মাছ বিক্ৰীৰ লক্ষ্য লৈছে। সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীব দাসে এইকথা প্রকাশ কৰে। ইপিনে, আজি পুৱাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক উজানবজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যবসায়ী সন্থাই ভোগালী বিহু উপলক্ষে মাছ উপহাৰ দিয়ে। মুখ্যমন্ত্রী ড০ শর্মাই লখিমীক আদৰি উছাহেৰে ভোগালী বিহু পালন কৰিবলৈ...

January 11, 2025 9:07 PM

views 29

ডিফু ক্লাৱ চৌহদত অসমী ভোগালী মেলাত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ ৬০ টা আত্মসহায়ক গোটৰ যোগদান

কাৰ্বি আংলং জিলাৰ ঐতিহ্যমণ্ডিত ডিফু ক্লাৱ চৌহদত চলি থকা অসমী ভোগালী মেলাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৬০ টা আত্মসহায়ক গোটে যোগদান কৰে। আত্মসহায়ক গোটৰ সদস্যাসকলে নিজৰ উৎপাদিত কৃষি সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ পিঠা পনা আৰু সাজপাৰো বিক্ৰী কৰে।

January 7, 2025 8:10 PM

views 38

ৰাজ্যত ভোগালী বিহুৰ প্রস্তুতি আৰম্ভ

ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ প্রস্তুতি আৰম্ভ হৈছে। সৰুপথাৰ সমজিলাত অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত চেৱাগুৰি সাধনী উদ্যানত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলাৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই উদ্বোধন কৰা এই ভোগালী মেলাত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে। এই মেলাত সমষ্টিটোৰ অন্তর্গত ২০ টাতকৈও অধিক আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। প্ৰতিবছৰে আত্মসহায়ক গোটৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰ...