January 14, 2026 9:28 PM

views 22

ৰাজ্যত ব্যাপক উছাহ-উদ্দীপনাৰে অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু পালন

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যতে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া-অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভে...

January 13, 2026 8:01 PM

views 171

আজি ভোগালী বিহুৰ উৰুকা

আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰা অনুসৰি মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রামাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি পুৱাতে আৰম্ভ হয়। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰে। মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হোৱাৰ লগতে গ্রাহকৰো ভিৰ পৰিলক্ষিত হয়। মাজু...

January 13, 2026 5:28 PM

views 61

আজি ভোগালী বিহুৰ উৰুকা

ভোগালী বিহুৰ উৰুকা উপলক্ষ্যে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। পুঁৱাৰে পৰা বজাৰসমূহত গ্রাহকে ভিৰ কৰা দেখা গৈছে। হেঁপাহৰ ভোগালী বিহুৰ বাবে প্ৰায়বোৰ ঠাইতে বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। সকলোৱে মিলি উৰুকাৰ ভোজ-ভাতৰো আয়োজন কৰিছে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল শ্রীলক্ষ্মণ প্ৰসাদ আচাৰ্য্যই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ ...

January 11, 2026 12:23 PM

views 46

ৰাজ্যৰ বিভিন্ন প্রান্তত মাঘ বিহুৰ উৰুকাৰ ব্যাপক প্রস্তুতি

মাঘ বিহুৰ উৰুকালৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্রান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি বাজ্যৰ বিভিন্ন প্রান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আর্হিৰে আটকধুনীয়া ভেলাঘৰ নির্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্রামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা, জা-জলপান প্রস্তুত কৰিছে। চৰাইদেউ জিলাৰ সোণাৰীত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অ...

January 9, 2026 12:28 PM

views 20

ভোগালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ ভিন্ন অংশত ব্যাপক প্রস্তুতি

ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে । গ্ৰামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্রস্তুতৰ আয়োজন কৰিছে। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ চিৰাং জিলা গোটৰ উদ্যোগত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত কাজলগাঁৱৰ বজাৰৰ বাকৰিত কালি সন্ধিয়াৰে পৰা তিনি দিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উদ...

January 15, 2025 8:03 PM

views 24

ৰাজ্যৰ বিভিন্ন ঠাইৰ ভোগালী বিহুৰ কাৰ্যসূচীত কেইবাগৰাকীও মন্ত্ৰীৰ অংশগ্ৰহণ

পহিলা মাঘ উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ নগাঁও জিলাৰ নেহৰুবালিত যোৱা ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত ছদিনীয়া ভোগালী বিহুৰ কাৰ্যসূচীত আজি মন্ত্রী পীযূষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে বিহুৰ সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। চৰাইদেউ জিলাত মাঘ বিহু উপলক্ষে আয়োজন কৰা সম্প্ৰীতিৰ ভোগালী জলপান শীৰ্ষক এটা অন...

January 15, 2025 7:11 PM

views 28

ৰাজ্যৰ বিভিন্ন ঠাইত পৰম্পৰাগত ৰীতি-নীতিৰে মাঘ বিহু পালন

পহিলা মাঘ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, নামঘৰ আৰু অন্য ধর্মীয় উপাসনাস্থলীসমূহত অগণন লোকৰ সমাগম হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ বৰপেটা জিলাত সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে আজিহে মাঘ বিহুৰ মেজি জ্বলোৱা হয়। নিয়ম অনুসৰি বৰপেটা সত্ৰৰ টুপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নিসংযোগ কৰাৰ পাছত সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজিসমূহ জ্বলোৱা হয়...

January 15, 2025 10:55 AM

views 37

ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম

আজি পহিলা মাঘ। ৰাজ্যৰ প্ৰান্তে প্রান্তে আজিও ভোগালী বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ মন্দিৰ তথা ধৰ্মীয় স্থানসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰিছে। তদুপৰি পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে ঠায়ে ঠায়ে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিৱসাগৰ জিলাত আজি পহিলা মাঘৰ দিনা শিৱদৌল, দেৱীদৌলকে ধৰি বিভিন্ন...

January 14, 2025 7:56 PM

views 179

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালন

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালনৰ বাতৰি আমালৈ আহি আছে। কাৰ্বি আংলং জিলাত ব্যাপক উছাহ-উদ্দীপনাৰে ভোগালী বিহু পালন কৰা হৈছে। জি...

January 14, 2025 11:22 AM

views 19

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত মাঘ বিহুত পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত নহয়

ৰাজ্যৰ বিভিন্ন ঠাইত মাঘ বিহুত পৰম্পৰাগতভাৱে আয়োজন কৰি অহা ম'হ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত নহয়। কামৰূপ জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত জিলাখনত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰৰ ১৭ ডিচেম্বৰত এখন লেখ আবেদনৰ জৰিয়তে প্ৰদান কৰা চূড়ান্ত ৰায় অনুসৰি ৰাজ্য চৰকাৰে ২০২৩ চনৰ ২৭ ডিচেম্বৰত ম'হ আৰু বুলবুলি চৰাইৰ যুঁজৰ অনুমতি প্ৰদান...