January 13, 2026 8:01 PM
92
আজি ভোগালী বিহুৰ উৰুকা
আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰা অনুসৰি মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রামাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি পুৱাতে আৰম্ভ হয়। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰে। মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হোৱাৰ লগতে গ্রাহকৰো ভিৰ পৰিলক্ষিত হয়। মাজু...