August 11, 2025 12:06 PM August 11, 2025 12:06 PM
3
তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ সামৰণি
● যোৱা ৩ আগষ্টৰ পৰা অনুষ্ঠিত তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ কালি সামৰণি পৰে। সামৰণিৰ দিনা কালি বিশেষ ধর্মালোচনা সভা অনুষ্ঠিত হয়। জামুগুৰিহাটৰ চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত বৰালীমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্তই কয়, যে গুৰুজনাই সত্ৰ নামঘৰ পৰিচালনাৰ লগতে শৰন-ভজনৰো ব্যৱস্থা কৰিছিল। ধৰ্মান্তকৰণ সন্দৰ্ভত ডেকা সত্ৰাধিকাৰগৰাকীয়ে কয়, যে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজখনত বিভাজনৰ পৰিৱৰ্তে জাত-পাত, অস্পৃশ্যতা আদি পৰিহাৰ কৰা উচিত। এই সভাতে তেজপুৰৰ লগতে দাঁতিকাষৰীয...