August 7, 2025 12:47 PM

views 16

ভাস্কৰজ্যোতি গগৈলৈ ৰাষ্ট্ৰীয় ললিত কলা একাডেমী বঁটা

 অসমৰ যুৱ চিত্ৰশিল্পী ভাস্কৰজ্যোতি গগৈলৈ তেওঁৰ নষ্টালজিক ডেষ্ট্ৰাকচন শীৰ্ষক ছবিখনৰ বাবে ৰাষ্ট্ৰীয় ললিত কলা একাডেমী বঁটা আগবঢ়োৱা হৈছে। কালি ললিত কলা একাডেমীয়ে নতুন দিল্লীত আয়োজন কৰা ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পদ্মবিভূষণ সন্মানেৰে সন্মানিত স্বনামধন্য শিল্পী ৰামভি সূতৰে এই বঁটা প্ৰদান কৰে। কেনভাছত এক্ৰেলিক মাধ্যমত অংকন কৰা এই ছবিখন দেশৰ ২০ জন নিৰ্বাচিত শিল্পীৰ শিল্পকৰ্মৰ অন্যতম শ্ৰেষ্ঠ শিল্পকৰ্মৰূপে বিবেচিত হৈছে। ৰাষ্ট্ৰীয় ললিত কলা এডাডেমীয়ে প্ৰতি বছৰে আগবঢ়োৱা শিল্পকলাৰ এই অন্যতম শ্ৰেষ্ঠ...