October 19, 2024 8:29 PM

views 15

ৰাজ্য চৰকাৰে ৩ৰ পৰা ৯ নৱেম্বৰলৈ ‘ভাষা গৌৰৱ সপ্তাহ’ পালন কৰিব

ৰাজ্য চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ'ব। অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান আৰু সমাজক ঐক্যবদ্ধ কৰাত ভাষাৰ অমূল্য অৱদানৰ উদযাপনৰ উদ্দেশ্যে এই সপ্তাহ পালন কৰা হ’ব । উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকত অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীক...