March 7, 2025 9:11 PM March 7, 2025 9:11 PM
10
মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কালাপাহাৰৰ ৰাধা গোবিন্দ বৰুৱা পথ, ড° ভূপেন হাজৰিকা পথ আৰু মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন কৰে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত ১৫ কোটি টকা ব্যয়সাপেক্ষ এই প্রকল্পকেইটা নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়াম, কালাপাহাৰ, ফটাশিল, কলনী বজাৰৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বিকল্প পথেৰে যাতায়াত কৰা যানবাহন আৰু যাত্ৰীৰ সুবিধা হ'ব। তদুপৰি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত ক্রিকেট খেলৰ ...