August 13, 2025 12:54 PM

views 13

দ্বাবিংশ মৃত্যু বার্ষিকী উপলক্ষে ড° ভৱেন্দ্ৰ নাথ শ‍ইকীয়ালৈ শ্ৰদ্ধা নিবেদন

যশস্বী সাহিত্যিক, কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ড° ভৱেন্দ্ৰ নাথ শ‍ইকীয়াৰ দ্বাবিংশ মৃত্যু বার্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। এই উপলক্ষে সাহিত্যিকগৰাকীৰ সপোনৰ প্ৰকল্প আৰোহণত বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আৰোহণ প্ৰেক্ষাগৃহত বিয়লিৰ ভাগত ছাত্র- ছাত্ৰীসকলৰ দ্বাৰা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব।