May 10, 2024 5:59 PM

views 32

বেটুল লোকসভা সমষ্টিৰ চাৰিটা ভোটগ্রহণ কেন্দ্ৰত শান্তিপূর্ণভাৱে পুনৰ ভোটগ্রহণ

মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ চাৰিটা ভোটগ্রহণ কেন্দ্ৰত আজি শান্তিপূর্ণভাৱে পুনৰ ভোটগ্রহণ অব্যাহত আছে। ৰাজাপুৰ, দুদৰ ৰায়ত, কুন্দ ৰায়ত আৰু চিখলিমাল কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হৈছে। মধ্য প্ৰদেশৰ মুখ্য নির্বাচনী বিষয়া অনুপম ৰাজনে জনোৱা অনুসৰি সপুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু বিয়লি ৬ বজাত সামৰণি পৰিব। এই চাৰিটা ভোটগ্রহণ কেন্দ্ৰত ৩ হাজাৰ ৩৭জন ভোটদাতা আছে। এই কেন্দ্ৰকেইটাত যোৱা ৭ মে'ত ভোটগ্রহণ অনুষ্ঠিত হৈছিল যদিও ভোটগ্ৰহণৰ পাছত ই ভি এম কঢ়িয়াই নিয়া বাছখনত জুই লগাৰ পৰিপ্ৰেক্ষিতত এই কেন্দ্ৰক...