September 28, 2024 11:06 AM

views 18

শ্রেষ্ঠ পর্যটন গাঁও প্রতিযোগিতাত মণিপুৰৰ আন্দ্ৰো শ্রেষ্ঠ পৰ্যটন গাঁৱৰ সন্মানীয় বঁটা লাভ

মণিপুৰৰ আন্দ্ৰো গাঁৱে পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত শ্রেষ্ঠ পর্যটন গাঁও প্রতিযোগিতাৰ চলিত সংস্কৰণৰ ঐতিহ্য শাখাত অন্যতম শ্রেষ্ঠ পৰ্যটন গাঁৱৰ সন্মানীয় বঁটা লাভ কৰিছে। বিশ্ব পৰ্যটন দিৱস উদযাপনৰ সময়ত কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত মন্ত্ৰালয়ে মণিপুৰ পৰ্যটনৰ বিষয়া আৰু আন্দ্ৰো গাঁৱৰ প্ৰতিনিধিসকলক এই বঁটা প্ৰদান কৰে ৷ আন্দ্ৰো গাঁৱৰ অনন্য সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত পদ্ধতিসমূহ এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ মূল কাৰক হিচাপে বিবেচিত হৈছে৷ গাঁওখনৰ মন্দিৰটোৱে অঞ্চলটোৰ চহকী সাংস...