February 6, 2025 11:10 AM February 6, 2025 11:10 AM

views 8

বেংগালুৰুত ১০-১৪ ফেব্ৰুৱাৰীলৈ ভাৰতীয় বিমান বাহিনীৰ সূৰ্য কিৰণ এৰোবেটিক দলৰ বিমান চালনাৰ কৌশল প্ৰদৰ্শন

ভাৰতীয় বিমান বাহিনীৰ সূৰ্য কিৰণ এৰোবেটিক দলে বেংগালুৰুত অহা ১০ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ বিমান চালনাৰ কৌশল প্ৰদৰ্শন কৰিব। বাহিনীটোৰ ১৪গৰাকী আগশাৰীৰ পাইলটে Hawk Mk-132 জেট বিমানেৰে বিভিন্ন কৌশল প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে, ১৯৯৬ চনত স্থাপন কৰা সূৰ্য কিৰণ এৰোবেটিক দলে ৯খন বিশেষ বিমানৰ দ্বাৰা দুঃসাহসিক বিমান চালনাৰ প্ৰদৰ্শন কৰি আহিছে। এই দলটোৱে দেশৰ লগতে বিদেশতো ৭০০ বাৰ এনে ধৰণৰ প্ৰদৰ্শন কৰিছে ।