June 11, 2024 11:43 AM
21
আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি প্ৰতিষেধক প্ৰদান
যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি প্ৰতিষেধক প্ৰদান কৰা হ'ব। শিৱসাগৰ জিলা প্ৰশাসনে প্রতিষেধক প্ৰদানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ ডেৰ লক্ষাধিক লোকক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে। যক্ষ্মা নিবাৰণ শাখাই ২০২১ চনৰ পৰা দেশত এই ৰোগ নিৰাময়ৰ বাবে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰি আহিছে। বিশেষ কাৰণত বাওঁ বাহুৰ ছিটা লোৱাৰ পৰা বাদ পৰি যোৱা লোকসকলক এই অভিযানে সামৰি ল'ব। প্রাপ্ত বয়স্ক যিকোনো সুস্থ লোকে এই বিনামূলীয়া বি চি জি প্ৰতিষেধক ল'ব পাৰিব।