March 28, 2025 1:00 PM

views 14

গুৱাহাটীত কাইলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইৰ এখন গুৰুত্বপূৰ্ণ বৈঠক কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। বৈঠকত পৰিষদৰ সচিব দেৱজিৎ শ‍ইকীয়াৰ লগতে ভাৰতীয় ছিনিয়ৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু ৰাষ্ট্ৰীয় ছিনিয়ৰ ক্ৰিকেট দলৰ নিৰ্বাচক মণ্ডলীৰ মুৰব্বী অজিত আগৰকাৰ উপস্থিত থাকিব বুলি পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে। বৈঠকত আসন্ন ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ অধিনায়ক সন্দৰ্ভত বিশদ আলোচনা হোৱাৰ সম্ভাৱনা আছে। একেদৰে বৈঠকত পৰৱৰ্তী খেল বৰ্ষত কেন্দ্ৰীয় চুক্তিত কোন কোন ক্ৰিকেটাৰক অন্তৰ্ভুক্ত কৰা হ...