June 17, 2025 9:44 AM

views 8

ইংলেণ্ড ভ্রমণলৈ যাবলগীয়া ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব ক্ৰিকেট দলটোৰ সালসলনি

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে (বিচিচিআই) সমাগত ইংলেণ্ড ভ্রমণলৈ যাবলগীয়া ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব দলটোৰ সামান্য সালসলনি কৰিছে। কনিষ্ঠ ক্রিকেট কমিটীয়ে দলটোত আঘাতৰ পৰিপ্ৰেক্ষিতত আদিত্য ৰানা আৰু খিলন পেটেলৰ ঠাইত ক্ৰমে ডি দিপেশ আৰু নমনক অন্তৰ্ভুক্ত কৰিছে। আয়ুষ মাহাত্রে নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা ২৭ জুনত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন এদিনীয়া খেলত অৱতীৰ্ণ হ'ব। ভ্রমণকালত ভাৰতে মুঠ ৫খন এদিনীয়া আৰু দুখন টেষ্ট খেলত অংশ ল'ব।