December 28, 2025 10:55 AM

views 47

বিচিচিআইয়ে পুৰুষৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বিচিচিআইয়ে ১৫ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ জিম্বাব'ৱে আৰু নামিবিয়াত হ'বলগীয়া পুৰুষৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে । সেই অনুসৰি আয়ুষ মহাত্ৰেক অধিনায়ক আৰু ৱিহান মালহোত্ৰাক উপঅধিনায়কৰ দায়িত্ব অৰ্পন কৰা হৈছে। বৈভৱ সূৰ্যবংশী, আৰন জৰ্জ আৰু অভিজ্ঞান কুণ্ডুকো দলত স্থান দিয়া হৈছে। পাঁচবাৰ প্ৰতিযোগিতাৰ খিতাপ দখল কৰা ভাৰত অহা ১৫ জানুৱাৰীত হ'বলগীয়া নিজৰ প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মুখীন হ'ব।