December 23, 2025 11:42 AM

views 8

অহা ২৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা সাংস্কৃতিক প্রকল্প; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকল্পস্থলী পৰিদৰ্শন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী প্রকল্প হিচাপে গ্ৰহণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্রকল্প অহা ২৯ ডিচেম্বৰত উদ্বোধন কৰা হ'ব। ৰাজ্য চৰকাৰে দখলমুক্ত কৰা ১৬২ বিঘা ভূমিত ২১৭ কোটি টকা ব্যয়ৰে এই প্ৰকল্প আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। ইয়াক বিশ্বৰ উচ্চতম গুৰু আসন, সত্ৰীয়া সংস্কৃতিৰ প্ৰতিফলিত কৰা বিভিন্ন কাৰুকাৰ্যসূচীত অতিথিগৃহ, দেৱবাদ্য তালৰ আৰ্হিত কলাকেন্দ্ৰ, খোলৰ আৰ্হিত গৱেষণা কেন্দ্ৰ, নাৱৰ আৰ্হিত কৌশল বিকাশ...