December 22, 2025 12:10 PM

views 84

অহা ২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰিব গৃহমন্ত্রী অমিত শ্বাহে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ উদ্দেশ্যে নির্মীয়মান বটদ্ৰৱা সাংস্কৃতিক প্রকল্প গৃহমন্ত্রী অমিত শ্বাহে ২৯ ডিচেম্বৰত উদ্বোধন কৰিব। নিৰ্মাণকাৰ্য প্ৰায় সম্পূর্ণ হৈ উঠা প্ৰকল্পটো উদ্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল। এই প্ৰকল্পৰ জৰিয়তে বটদ্ৰৱা থান কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি উঠাৰ লগ...