September 14, 2024 7:04 PM

views 12

বাছমতী চাউলৰ ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে কেন্দ্রৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ

কেন্দ্রই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি ভাৰতবৰ্ষত বাছমতী চাউলৰ ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে এই চাউলৰ গুৰিৰ মূল্য সম্পুর্ণভাৱে আতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চলিত বাণিজ্যক উদ্বেগ আৰু চাউলৰ প্রযাপ্ত ঘৰুৱা উপলব্ধতাৰ প্ৰতি সহাৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ঘৰুৱা চাউলৰ বৰ্ধিত মূল্য আৰু যোগানৰ কটকটীয়া ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ২০২৩ চনৰ আগষ্ট মাহত এই গুৰিৰ মূল্য প্রতি মেট্রিকটনত ১২শ ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল। পিছলৈ অৰ্থাৎ‍ ২০২৩ চনৰ অক্টোবৰ মাহত এই মূল্য প্রতি মেট্রিকটনত ৯৫০ ডলাৰলৈ অৱনমিত কৰা হয়।

September 14, 2024 3:02 PM

views 32

দেশত বাছমতী চাউলৰ ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে এই চাউলৰ গুৰিৰ মূল্য সম্পুর্ণভাৱে আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ

কেন্দ্রই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি ভাৰতবৰ্ষত বাছমতী চাউলৰ ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে এই চাউলৰ গুৰিৰ মূল্য সম্পুর্ণভাৱে আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চলিত বাণিজ্যক উদ্বেগ আৰু চাউলৰ পৰ্যাপ্ত ঘৰুৱা উপলব্ধতাৰ প্ৰতি সহাৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ঘৰুৱা চাউলৰ বৰ্ধিত মূল্য আৰু যোগানৰ কটকটীয়া ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ২০২৩ চনৰ আগষ্ট মাহত এই গুৰিৰ মূল্য প্রতি মেট্রিকটনত ১২০০ ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল। পিছলৈ অৰ্থাৎ‍ ২০২৩ চনৰ অক্টোবৰ মাহত এই মূল্য প্রতি মেট্রিকটনত ৯৫০ ডলাৰলৈ অৱনমিত কৰা হয়।