September 30, 2024 7:04 PM

views 16

সমগ্র শিক্ষা অভিযান অসমৰ অধীনত বাক্সা জিলাৰ প্ৰতিখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যৰ প্রশিক্ষণ

সমগ্র শিক্ষা অভিযান অসমৰ অধীনত বাক্সা জিলাৰ প্ৰতিখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যৰ প্রশিক্ষণ কাৰ্যসূচীৰ আজি অন্ত পৰে। মণ্ডল পৰ্যায়ত বিদ্যালয় পৰিচালনা সমিতিৰ ৫ গৰাকীকৈ সদস্যক প্ৰশিক্ষণ আগবঢ়োৱা হৈছে। তিনি দিনীয়াকৈ অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত শিক্ষাৰ অধিকাৰ আইন ২০০৯ৰ অধীনত বিদ্যালয় পৰিচালনা সমিতিয়ে পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যসমূহৰ বিষয়ে আলোচনা কৰা হয়। প্ৰশিক্ষণত বিদ্যালয়ৰ সামগ্রিক উন্নয়নৰ ধাৰা ত্বৰান্বিত কৰিবলৈ নিয়মীয়া পুনৰীক্ষণৰ দ্বাৰা সমন্বয় ৰক্ষা কৰা, ছাত্ৰ-ছাত্ৰীৰ ...