December 19, 2025 12:08 PM

views 29

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত সভা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত কালি বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি অন্যান্য মন্ত্রী, বিধায়ক তথা দলীয় কর্মকর্তাসকল উপস্থিত থাকে। সভাত প্রধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্রমণসূচীৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে সকলো দিশ সামৰি আলোচনা কৰা হয় ৷