April 6, 2025 8:08 PM April 6, 2025 8:08 PM

views 7

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় ৰীতি-নীতিৰে বাসন্তী পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় ৰীতি-নীতিৰে বাসন্তী পূজা পালন কৰা হৈছে। বাসন্তী পূজাৰ নৱমী তিথি উপলক্ষে কাছাৰৰ গাওঁ-চহৰত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। শিলচৰৰ ৰাজহুৱা মণ্ডপত আয়োজিত বাসন্তী পূজাত বিশেষ যজ্ঞ কৰা হয়। লগতে যুৱক-যুৱতীৰ ঢোল বাদন আৰু ধুনুছি নৃত্য পৰিবেশন কৰে। শিলচৰৰ পঞ্চানন শিৱবতি বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত আয়োজিত বাসন্তী পূজাত ভক্তৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। একেদৰে ৰাম নৱমী উপলক্ষে কাছাৰ জিলাৰ বিভিন্ন অঞ্চলত বিশেষ পূজাৰ আয়োজন কৰা হয়৷ সমগ্ৰ দেশৰ লগতে অসমতো ধৰ্মীয় ৰীতি-নীতি আৰু উৎ...