February 2, 2025 6:24 PM February 2, 2025 6:24 PM
6
বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিক্ষা আৰু জ্ঞানৰ সৈতে জড়িত এই উৎসৱে দেশৰ সকলো নাগৰিকৰ বাবে সুখ, সমৃদ্ধি আৰু প্ৰজ্ঞা কঢ়িয়াই অনাৰ কামনা কৰে। এই দিনটোৰ তাৎপৰ্য বিশ্লেষণ কৰি ৰাষ্ট্ৰপতিয়ে ভাৰতক বিশ্বৰ জ্ঞানকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰ্থনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই উপলক্ষে শুভেচ্...