May 17, 2025 8:41 PM

views 14

বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ গহীয়া গাঁৱত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ

বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ সৰ্থেবাৰীৰ সমীপৰ গহীয়া গাঁৱত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে। বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তত্ত্বাৱধানত সংক্ৰমণ প্ৰতিৰোধৰ বাবে আজি কেইবাটাও গাহৰি নিধন কৰা হয়। এই সন্দৰ্ভত বৰপেটাৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ প্রবীন দাসে কয়, যে গহীয়াৰ সনাতন বড়ো নামৰ ব্যক্তিগৰাকীৰ ফাৰ্মখনৰ কেইবাটাও গাহৰি বিগত কেইদিনমানৰ পৰা অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰিছে। ফাৰ্মখনত থকা ৫১টা গাহৰিৰ ভিতৰত ৩৩ টা গাহৰি মৃত্যু মুখত পৰা বুলি...