December 23, 2024 8:18 PM

views 18

বৰপেটাত ২৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে ৩১সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ

বৰপেটাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান ৰংঘৰৰ উদ্যোগত পৰহিলৈৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে বৰপেটাত ৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ অনুষ্ঠিত হ'ব। আজি ৰংঘৰৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত নাট উৎসৱৰ কাৰ্যবাহী উপদেষ্টা অনিল কুমাৰ দাসে এই বিষয়ে প্ৰকাশ কৰে। বৰপেটা জিলা পুথিভঁৰালত পৰহিলৈ সন্ধিয়া ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই এই নাট মহোৎসৱ উদ্বোধন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট অভিনেতাক সম্বর্ধনা জ্ঞাপন কৰা হ'ব। নাট উৎসৱৰ প্ৰথম দিনা হোমেন বৰগোহাঞি ৰচিত উপন্যাস মৎস্যগন্...