March 16, 2025 8:43 PM

views 17

বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ সামৰণি

বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ আজি সন্ধিয়া সামৰণি পৰে। এই মহোৎসৱৰ সামৰণিৰ দিনা আজি সমগ্ৰ বৰপেটা ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ পৰে। বিয়লি কলিয়া গোঁসাই তথা দৌলগোবিন্দ মহাপ্রভুক ভকতসকলে শোভাযাত্রা কৰি কলবাৰী সত্ৰলৈ লৈ যায়। সত্ৰত প্ৰতীকী ৰূপত হেকেটা মাহ খুওৱা পৰ্ব সম্পন্ন কৰাৰ পাছত গোঁসাইক পুনৰ বৰপেটা সত্ৰলৈ ওভতাই অনা হয়। সত্ৰ চৌহদত গোঁসাইক প্ৰবেশ কৰাৰ সময়তে পৰম্পৰাগতভাৱে বাঁহ ভঙা পর্ব অনুষ্ঠিত হয়। এই পৰ্বত লক্ষ্মী দেৱীৰ ভক্তসকলে গোঁসাইক সত্ৰত প্ৰবেশ কৰাত বাধা দিবলৈ প্ৰৱেশ পথত বাঁহ বান্ধি থোৱাৰ ৰীত...