July 14, 2024 7:49 PM

views 18

বৰপেটা জিলাৰ অতিৰিক্ত জিলা আয়ুক্তৰ মিৰাকল মিলেট অভিযানৰ শুভাৰম্ভ

গুৱাহাটী প্ৰেছ ক্লাবত এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি আয়োজিত মিৰাকল মিলেট অভিযানৰ বৰপেটা জিলাৰ অতিৰিক্ত জিলা আয়ুক্তই শুভাৰম্ভ কৰে। মিলেটৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি মিৰাকল মিলেট ষ্টার্টআপৰ কৰ্মকৰ্তাসকলে এই অভিযানৰ বিষয়ে অনুষ্ঠানত বিতংকৈ ব্যাখ্যা কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি তামুলপুৰৰ অতিৰিক্ত জিলা আয়ুক্তই পুষ্টিমান নামেৰে নামকৰণ কৰা অভিযানৰ শুভংকৰটো মুকলি কৰে।