October 9, 2025 6:13 PM

views 20

বৰপেটা জিলাত জল জীৱন অভিযানৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা বৈঠক

জল জীৱন অভিযানৰ জৰিয়তে বৰপেটা জিলাত যোগান ধৰি অহা পানীৰ গুণগত মান আৰু ইয়াৰ অন্তৰ্গত আঁচনিবোৰৰ বৰ্তমান অৱস্থা সন্দৰ্ভত উত্থাপিত বহু অভিযোগ সংক্ৰান্তত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ এই সভাত কাৰ্যক্ষম হৈ থকা পানী যোগান প্ৰকল্পবোৰৰ বৰ্তমানৰ অৱস্থাৰ লগতে নির্মাণ কার্য অব্যাহত থকা প্ৰকল্পবোৰৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ইয়াৰ সমান্তৰালকৈ মাচুল সংগ্রহ, যোগান ধৰা পানীৰ গুণগত মান ৰক্ষা আদি ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত ৰাইজৰ অভিযো...