October 21, 2024 7:30 PM

views 28

বৰপেটাত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত প্ৰথমখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় মুকলি

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত আজি বৰপেটাত প্ৰথমখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় মুকলি কৰা হয়। ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদত থকা বৰপেটা কেন্সাৰ কেয়াৰ চেণ্টাৰত স্থাপন কৰা মহাবিদ্যালয়খন ৰাজ্যৰ পৰিবহণ, বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদর্শী চিন্তা-চৰ্চাৰে এই মহাবিদ্যালয়খন স্থাপন কৰা হৈছে। ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডত নাৰ্ছসকলৰ গুৰুত্বপূ...