May 16, 2024 8:27 PM

views 25

বৰপেটাত অসম ক্রিকেট সন্থাৰ প্রতিভাশালী পেচ বলাৰৰ সন্ধানত অনুষ্ঠিত শিবিৰত ৪০০ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ

অসম ক্রিকেট সন্থাই প্রতিভাশালী পেচ বলাৰৰ সন্ধানত আজি বৰপেটা জিলাত এটি শিবিৰ অনুষ্ঠিত কৰে। প্ৰতিভাসম্পন্ন বলাৰসকলক বিচাৰি উলিয়াই তেওঁলোকক উপযুক্ত প্রশিক্ষণ প্ৰদান কৰি দক্ষ খেলুৱৈ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যেৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। জিলা ক্রীড়া সন্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত ১৪ বছৰ অনূৰ্ধ্ব, ১৬ বছৰ অনূৰ্ধ্ব, ১৯ বছৰ অনূৰ্ধ্ব আৰু জ্যেষ্ঠ শাখাত ৪০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অসম ক্ৰিকেট সন্থাৰ এই পদক্ষেপৰ জৰিয়তে ৰাজ্যৰ ক্ৰিকেট ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে...