May 21, 2025 7:38 PM May 21, 2025 7:38 PM
13
বৰাক নদীৰ ওপৰত থকা দলংখনত অত্যাৱশ্যকীয় মেৰামতিৰ বাবে ৬০ দিনলৈ সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব
ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে জাৰি কৰা নিৰ্দেশ অনুসৰি বৰাক নদীৰ ওপৰত থকা দলংখনত অত্যাৱশ্যকীয় মেৰামতিৰ বাবে ৬০ দিনলৈ সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব। আজিৰে পৰা ২০ জুলাই পর্যন্ত মেৰামতি, দীৰ্ঘম্যাদী সুৰক্ষা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিকল্প পথ হিচাপে যানবাহনৰ বাবে ৰাণীফেৰা হৈ শিলচৰ কালাইন পথ মুকলি কৰা হৈছে। অৱশ্যে এই পথেৰে ৪০ টনতকৈ অধিক ওজনৰ মালবাহী যান-বাহন চলাচলত বাধা আৰোপ কৰা হৈছে। বহুলোকে বিকল্প ব্যৱস্থা হিচাপে কাটিগড়ৰ পৰা বদৰপুৰলৈ নাৱৰে ...