August 25, 2024 11:00 AM August 25, 2024 11:00 AM
15
ডেৰশ বছৰ এটা অনুষ্ঠান সবলভাৱে জীয়াই ৰাখি তথা সফলতাৰে কাৰ্যনিৰ্বাহ কৰি এক নিদর্শন স্থাপন কৰাতো এক অনন্য কৃতিত্বঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি কাছাৰ জিলা বাৰ এছ'চিয়েচনৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলা বাৰ এছ'চিয়েচনৰ ডেৰশ বছৰ এক দীঘলীয়া পৰিক্ৰমা বুলি মন্তব্য কৰি কয় যে, ডেৰশ বছৰ এটা অনুষ্ঠান সবলভাৱে জীয়াই ৰাখি তথা সফলতাৰে কাৰ্যনিৰ্বাহ কৰি এক নিদর্শন স্থাপন কৰাতো এক অনন্য কৃতিত্ব। ভাৰতবৰ্ষ হৈছে গণতন্ত্রৰ জননী বুলি উল্লেখ কৰি তেওঁ কয় যে, ভাৰতীয় গণতন্ত্র অন্যতম মূল ভিত্তি হৈছে ন্যায় পালিকা। অধিবক্তাসকল ন্যায়িক ব্যৱস্থাট...