July 17, 2025 1:06 PM

views 14

ৰাজ্যৰ সকলো বেংকৰ একাউণ্টসমূহ অহা ছেপ্টেম্বৰৰ পূৰ্বে ডিজিটাইজেচন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ

অসম চৰকাৰে ৰাজ্যখনৰ সকলো বেংকৰ একাউণ্টসমূহ অহা ছেপ্টেম্বৰৰ পূৰ্বে ডিজিটাইজেচন কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ৰাজ্যিক পৰ্যায়ৰ বেংক বিষয়াৰ সমিতিৰ এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বেংকসমূহক এই নির্দেশ দিয়ে। তেওঁ লগতে এই সময়ছোৱাৰ ভিতৰত বেংকসমূহক কে ৱাই চি আপডেট কৰা, চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ অধীনত পঞ্জীয়ন কৰাকে ধৰি সুবিধাসমূহৰ দ্বাৰা জনসাধাৰণক সামৰি ল’বলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ মাধ্যম হিচাপে বেংকসমূহক বিত্তীয় অন্তর্ভুক্তি শক্তিশালী কৰি ...