July 15, 2024 12:40 PM

views 11

বেংক একাউণ্টৰ ধন জালিয়াতিৰ গোচৰত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক

অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ গোচৰত কালি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক কৰে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক ভৱন্ধৰ দত্তৰ বৰবাৰী শাখাত থকা বেংক একাউণ্টৰ পৰা ২৬ লাখ টকা গোপনে বিভিন্ন তাৰিখত অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সম্পর্কে অৱগত হৈ শ্ৰী দত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত এটা গোচ...