November 21, 2024 6:08 PM

views 13

ভাৰতৰ কাৰাগাৰৰ পৰা মুক্ত হোৱা বাংলাদেশী নাগৰিকক নিজ দেশলৈ প্ৰত্যাৰ্পন

ভাৰতৰ কাৰাগাৰৰ পৰা মুক্ত হোৱা নাগৰিকক কালি পশ্চিম বংগৰ বেনাপোল তালাচী চকীৰে স্বদেশলৈ ওভতাই পঠিওৱা হয়। ভাৰতৰ পাৰপত্ৰ বিষয়াসকলে ১১গৰাকী মহিলা সহ ২৪ গৰাকী বাংলাদেশী নাগৰিকক বাংলাদেশী বিষয়াৰ হাতত সোধাই দিয়ে। উল্লেখযোগ্য যে বৈধ নথিপত্র অবিহনে ভাৰতত প্ৰবেশ কৰা এই লোককেইজনক প্রথমে কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু আদালতে তেওঁলোকক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহিছিল। প্ৰত্যাৰ্পনৰ পাছত বেনাপোল আৰক্ষীয়ে তেওঁলোকক নিজ নিজ পৰিয়াললৈ ঘূৰাই পঠিয়াবলৈ জশোৰৰ এটা মানৱ অধিকাৰ সংগঠনৰ হাতত গতাই দিয়ে।