December 31, 2024 6:31 PM

views 13

ৰাজধানী মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা ১২ বাংলাদেশী অনুপ্ৰৱেশকাৰী আটক

দিল্লী আৰক্ষীয়ে ৰাজধানী মহানগৰীখনৰ বিভিন্ন ঠাইত অভিযান চলাই ১২ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছে। দিল্লীৰ নিজামুদ্দিন, কালিন্দীকুঞ্জ, শ্বাহীনবাগ আৰু চৰিতাবিহাৰ অঞ্চলত চলোৱা এই অভিযানৰ বিষয়ে জানিবলৈ দি দিল্লী আৰক্ষীয়ে লগতে প্ৰকাশ কৰা মতে কেউজন অনুপ্ৰৱেশকাৰীকে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। দক্ষিণ-পূব দিল্লীৰ উপ-আৰক্ষী আয়ুক্ত ৰবি কুমাৰ সিঙে লগতে কয়, যে এই অভিযানৰ সময়ত মহানগৰীখনৰ বিভিন্ন অঞ্চলত বসবাস কৰা প্ৰায় এহেজাৰ ২০০ গৰাকী নাগৰিকৰ নথি-পত্ৰ আৰক্ষীয়ে পৰীক্ষা কৰিছে।