May 27, 2025 11:28 AM

views 44

বাংলাদেশী সন্দেহত আটকাধীন ২ হাজাৰৰো অধিক লোকৰ ভিতৰত ১৫০ জনক সীমান্ত সুৰক্ষা বাহিনীক হস্তান্তৰ অসম আৰক্ষীৰ

■ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাংলাদেশী সন্দেহত আটক কৰা ২ হাজাৰৰো অধিক লোকৰ ভিতৰত ১৫০ জন লোকক সীমান্ত সুৰক্ষা বাহিনীক হস্তান্তৰ কৰিছে। এই লোকসকলক পুনৰ বাংলাদেশলৈ প্ৰেৰণৰ বাবে বি এছ এফে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। যোৱা শনিবাৰৰ পৰা কালিপৰ্যন্ত গোলাঘাটৰ মৰঙী আৰু নুমলীগড়ৰব আৰক্ষীয়ে ৫১ জন সন্দেহজনক লোকক আটক কৰিছে। আটক কৰা লোকসকলৰ অধিকাংশই নুমলীগড় শোধনাগৰত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে দেশৰ সক...

January 11, 2025 8:52 PM

views 29

ভাৰত-বাংলাদেশ সীমান্তৰ ফুলবাৰীত বাংলাদেশী লোকক অবৈধভাবে ভাৰতত প্ৰৱেশ কৰোৱাৰ অভিযোগত আটক কৰা এজন যুৱক আৰক্ষীৰ গুলিত আহত

শ্রীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ফুলবাৰীত আজি বাংলাদেশী লোকক অবৈধভাবে ভাৰতত প্ৰৱেশ কৰোৱাৰ অভিযোগত আটক কৰা এজন যুৱক আৰক্ষীৰ গুলিত আহত হয়। আমাৰ শ্ৰীভূমিৰ সংবাদদাতাই জনোৱা মতে, উত্তৰ ত্ৰিপুৰা জিলাৰ বাসিন্দা যুৱৰাজ নামৰ এই যুৱকজনক কালি আৰক্ষীয়ে কৰিমগঞ্জ ৰেলৱে ষ্টেছনৰ সমীপত গ্ৰেপ্তাৰ কৰিছিল। ধৃত যুৱকজনক আজি ফুলবাৰীৰ আন্তৰ্জাতিক সীমান্তৰ ওচৰলৈ অপৰাধৰ স্থান নিৰূপনৰ বাবে আৰক্ষীয়ে লৈ যোৱাৰ সময়ত তেওঁ পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলিচালনা কৰাৰ ফলত আটকাধীন যুৱকজনৰ ভৰিত গুলি লাগে।

December 24, 2024 3:49 PM

views 33

ভুৱা নথিপত্ৰৰে বাংলাদেশী নাগৰিকক ভাৰতত সংস্থাপিত কৰা এটা চক্ৰৰ ১১ জন লোকক আটক দিল্লী আৰক্ষীৰ

দিল্লী আৰক্ষীয়ে যোৱা কেইদিনত ভুৱা নথিপত্ৰৰে বাংলাদেশী নাগৰিকক ভাৰতত সংস্থাপিত কৰা এটা চক্ৰৰ ১১ জন লোকক আটক কৰিছে। এই লোক কেইজনে এটা ভুৱা ৱেবছাইটৰ জৰিয়তে অবৈধ নথিপত্ৰ প্ৰস্তুত কৰি বাংলাদেশী নাগৰিকক ভাৰতীয় নাগৰিকৰূপে পৰিচয় দিয়াৰ ব্যৱস্থা কৰিছে। দক্ষিণ দিল্লীৰ আৰক্ষী উপায়ুক্তগৰাকীয়ে আজি এই বিষয়ে প্রকাশ কৰি কয়, যে অবৈধ ভাৰতীয় আধাৰকাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড প্ৰস্তুত কৰা এই অপৰাধী চক্ৰটোৰ ৫ জন বাংলাদেশী নাগৰিক আৰু আন ৬ জন ভাৰতীয় নাগৰিক।

November 1, 2024 7:43 PM

views 28

কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত ২ বাংলাদেশী নাগৰিকক আটক

অসম আৰক্ষীৰ এটা দলে কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত দুজন বাংলাদেশী নাগৰিকক আটক কৰে। পৰৱৰ্ত্তী সময়ত দুয়োজন লোকক সীমান্তৰ সিপাৰে পঠিয়াই দিয়া হৈছে। অসম আৰক্ষীয়ে অনুপ্রবেশ ৰোধৰ ক্ষেত্ৰত চলাই অহা নিৰন্তৰ প্ৰয়াসক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শলাগ লয়৷