December 10, 2024 9:17 PM

views 22

শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চৰ অসম শাখাৰ প্ৰতিবাদ

বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু অন্যান্য ধৰ্মীয় লোকৰ ওপৰত অব্যাহত থকা উৎপীড়ন সোনকালে বন্ধ কৰাৰ দাবী উত্থাপন কৰি আজি গুৱাহাটীৰ শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চৰ অসম শাখাই প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছলৈ বুলি দিয়া এখন স্মাৰক পত্ৰ মঞ্চৰ কৰ্মকৰ্তাসকলে সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনৰ হাতত অৰ্পণ কৰে। স্মাৰক পত্ৰখনত বাংলাদেশত হিন্দু আৰু আন ধৰ্মীয় সংখ্যালঘু সকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰা...

December 7, 2024 8:43 PM

views 25

ঢাকাৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত ৫৩ সংখ্যক মৈত্রী দিৱস উপলক্ষে এটা সাংগীতিক সন্ধিয়াৰ আয়োজন ভাৰতীয় উচ্চায়োগৰ

বাংলাদেশত থকা ভাৰতীয় উচ্চায়োগে কালি ঢাকাৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত ৫৩ সংখ্যক মৈত্রী দিৱস উপলক্ষে এটা সাংগীতিক সন্ধিয়াৰ আয়োজন কৰে। উল্লেখযোগ্য যে ১৯৭১ চনৰ ৬ ডিচেম্বৰত ভাৰতে বাংলাদেশক স্বাধীনতা লাভৰ ১০ দিন পূর্বেই এখন স্বাধীন সর্বভৌম দেশ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। এই উপলক্ষে দিয়া ভাষণত বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্ত প্রণয় বার্মাই এই উপলক্ষক এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে উল্লেখ কৰি কয়, যে ই হৈছে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কৰ এটা স্থায়ী অনুপ্ৰেৰণামূলক উৎস। উচ্চায়ুক্ত গৰাকীয...

December 4, 2024 12:01 PM

views 26

বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখন ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ ইংলেণ্ড চৰকাৰৰ

বাংলাদেশত চলি থকা সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ আৰু হিন্দু ধৰ্মগুৰুৰ নিৰ্যাতনৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশত উদ্বেগৰ সৃষ্টি হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ইতিমধ্যে বাংলাদেশক সকলো শ্ৰেণীৰ জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ সকীয়নি দিয়াৰ লগতে বৰ্তমানৰ ৰাষ্ট্ৰপতি জ' বাইডেনেও বাংলাদেশৰ তত্বাৱধায়ক চৰকাৰৰ মুৰববী মহম্মদ ইউনুছক দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে। ভাৰতে ইতিমধ্যে বাংলাদেশত বসবাস কৰা হিন্দু সম্প্ৰদায়ৰ জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ নিৰাপত্...

November 29, 2024 8:48 PM

views 40

বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত হিংসা সন্দৰ্ভত চৰকাৰে গুৰুত্ব সহকাৰে লৈছেঃ বিদেশমন্ত্ৰী জয়শংকৰ

বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত হিংসা সন্দৰ্ভত চৰকাৰে গুৰুত্ব সহকাৰে লৈছে বুলি বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। আজি লোকসভাত এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ আগষ্ট মাহত বাংলাদেশত ঘৰ আৰু ব্যৱসায়িক প্রতিষ্ঠান সমূহত লুটপাত কৰা হৈছে আৰু মন্দিৰ আৰু অন্যান্য উপাসনাস্থলীত আক্রমণ সংঘটিত হৈছে। ড০ জয়শংকৰে কয় যে, শেহতীয়াকৈ বাংলাদেশত অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ সময়তো মন্দিৰ আৰু পূজা মণ্ডপত আক্ৰমণৰ বাতৰি পোহৰলৈ আহিছে। তেওঁ কয়, চলিত বৰ্ষৰ দুর্গা পূজাৰ সময়ত ঢাকাৰ তাঁতীবজাৰৰ পূ...

November 18, 2024 12:08 PM

views 22

বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাচিনাৰ প্ৰত্যাৱৰ্তন কামনা মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে তেওঁলোকৰ চৰকাৰখনে প্রাক্তন প্রধানমন্ত্রী শ্বেইখ হাচিনাৰ প্ৰত্যাৱৰ্তন কামনা কৰিছে। যোৱা আগষ্ট মাহত হাচিনাৰ চৰকাৰ ভংগ হোৱাৰ পাছত তেওঁ বৰ্তমান ভাৰতত আছে। বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি মহম্মদ ইউনুছে কয় যে তেওঁৰ চৰকাৰে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰপূৰ্বে তেওঁ বাংলাদেশে শ্বেইখ হাচিনাই ভাৰতৰ পৰা তাৎক্ষণিকভাৱে প্ৰত্যাৱৰ্তন কৰা...

November 2, 2024 8:07 PM

views 28

বাংলাদেশত ISKON ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে মিছা গোচৰ প্ৰত্যাহাৰৰ দাবীত সনাতন জাগৰণ মঞ্চৰ প্ৰতিবাদী সমদল

সনাতন জাগৰণ মঞ্চই কালি চট্টগামত বাংলাদেশত ইণ্টাৰনেচনেল ছ’চাইটী ফৰ কৃষ্ণ চেতনা (ISKON)ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে দাখিল কৰা মিছা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত এটা প্ৰতিবাদী সমদল কাৰ্য্যসূচী ৰূপায়ণ কৰে। জাগৰণ মঞ্চই অহা সোমবাৰৰ ভিতৰত গোচৰটো প্ৰত্যাহাৰ নকৰিলে প্ৰতিবাদ কাৰ্য্যসূচী অব্যাহত ৰাখিব বুলি সঁকিয়নি দিয়ে। সনাতন জাগৰণ মঞ্চৰ মুখপাত্র চিন্ময় কৃষ্ণ দাসে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰৰ পোষকতা কৰি আহিছে। শুকুৰবাৰে বিভিন্ন বাধা নেওচি সনাতন জাগৰণ মঞ্চ...

October 1, 2024 3:01 PM

views 28

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ অন্তিম দিনত ১৪৬ ৰানত দ্বিতীয় ইনিংছ সামৰণি বাংলাদেশৰ

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অন্তিম দিনা বাংলাদেশে ১৪৬ ৰানত দ্বিতীয় ইনিংছ সামৰে। ভাৰতে দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰি বাতৰি লিখাৰ পৰলৈকে দুটা উইকেট হেৰুৱাই ৬০ ৰান সংগ্ৰহ কৰিছে। ভাৰতক খেলখনত জয়ী হোৱাৰ বাবে ৩৫ ৰানৰ প্ৰয়োজন।

September 12, 2024 6:17 PM

views 30

বাংলাদেশত সংবিধানকে ধৰি ছটা গুৰুত্বপূৰ্ণ খণ্ডত সংস্কাৰ সাধনৰ উদ্দেশ্যে ষষ্ঠ আয়োগ গঠনৰ ঘোষণা

বাংলাদেশত অন্তৱৰ্তী চৰকাৰে সংবিধানকে ধৰি ছটা গুৰুত্বপূৰ্ণ খণ্ডত সংস্কাৰ সাধনৰ উদ্দেশ্যে ষষ্ঠ আয়োগ গঠনৰ কথা ঘোষণা কৰিছে। মুখ্য উপদেষ্টা প্ৰফেচৰ মহম্মদ ইউনুছে কালি সন্ধিয়া টেলিভিচনৰ জৰিয়তে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। এই খণ্ডসমূহ হৈছে – সংবিধান, নির্বাচনী প্ৰক্ৰিয়া, আইন ব্যৱস্থা, আৰক্ষী, দুৰ্নীতি বিৰোধী আইন আৰু ৰাজহুৱা প্ৰশাসন ব্যৱস্থা মহম্মদ ইউনুছে কৈছে যে এই আয়োগৰ মুৰববী হিচাপে ছগৰাকী বিশিষ্ট ব্যক্তিক নিয়োগ কৰা হৈছে। এই ছগৰাকী ব্যক্তিৰ সৈতে হোৱা আলোচনাৰ পাছত আয়োগৰ অন্...

August 27, 2024 5:57 PM

views 27

ঢাকাত ৩৭৮ জন আনচাৰ জোৱানক জে’ললৈ প্ৰেৰণ

দেওবাৰে নিশা ঢাকাৰ কেন্দ্ৰীয় সচিবালয়ৰ সন্মুখত আনচাৰ জোৱান আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ পাছত বাংলাদেশৰ ঢাকা আদালতে সোমবাৰে ৩৭৮ জন আনচাৰ জোৱান আৰু ছাত্ৰ-ছাত্ৰীক জে'ললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, নাম উল্লেখিত ৪৩৭ আৰু নাম উল্লেখ নথকা ১১ হাজাৰ ১০০ জনক চাৰিটা গোচৰত অভিযুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে দেওবাৰে নিশা ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৪০ জন আহত হোৱাৰ উপৰিও সোমবাৰে জাৰি কৰা আন্তঃসেৱা জনসংযোগ কাৰ্য্যালয়ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, কমেও ৬ জন সেনা আহত হয়। ইয়াৰে এজ...

August 26, 2024 11:04 AM

views 37

বাংলাদেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত আৰু অন্তৱৰ্তীকালীন চৰকাৰখন কিমান দিনলৈ শাসনত থাকিব সেয়া জনসাধাৰণে নিৰ্ধাৰণ কৰিবঃ মহম্মদ ইউনুছ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মূৰববী প্ৰফেচাৰ মহম্মদ ইউনুছে কৈছে যে, সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত আৰু এই অন্তৱৰ্তীকালীন চৰকাৰখন কিমান দিনলৈ শাসনত থাকিব সেয়া বাংলাদেশৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। বাংলাদেশ টেলিভিছনৰ জৰিয়তে দেশক সম্বোধন কৰি মহম্মদ ইউনুছে এইদৰে কয়। তেওঁ উল্লেখ কৰে যে দেশখনৰ প্ৰশাসন, ন্যায় পালিকা, নির্বাচন আয়োগ, নির্বাচন ব্যৱস্থা তথা আইন-কানুন ক্ষেত্ৰৰ প্ৰয়োজনীয় সংস্কাৰ সাধনৰ পাছতেই বাংলাদেশত নিকা, মুক্ত আৰু অংশগ্রহণমূলক নির্বাচন অনুষ্ঠিত হ'...